একেটা একাউণ্ট কেন্দ্ৰত থকা আপোনাৰ একাউণ্টসমূহত আমি আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰোঁ
Updated:৮ সপ্তাহ আগতে
আপোনাৰ একাউণ্টসমূহ একেটা একাউণ্ট কেন্দ্ৰত থাকিলে আপোনাৰ ছেটিংছ পৰিচালনা কৰা, লগ ইন কৰা আৰু প্ৰ’ফাইলসমূহৰ মাজত সাল-সলনি কৰাটো সহজ হয়। পৃথক Meta কোম্পানীৰ সামগ্ৰীসমূহত একেটা একাউণ্ট কেন্দ্ৰত থকা একাউণ্টসমূহত আমি আপোনাৰ তথ্য একত্ৰিত কৰোঁ। আমি এইটো ইয়াৰ বাবে ব্যৱহাৰ কৰোঁ:
- আমি যদি আপোনাক বিজ্ঞাপন দেখুৱাওঁ, যেনে- ষ্ট’ৰীজত আৰু ৰীলত, আমি সেয়া আপোনাৰ আৰু আনৰ বাবে ব্যক্তিগতকৰণ কৰিম আৰু সেইবোৰে কেনেকৈ কাম কৰে সেয়া পৰিমাপ কৰিম। ইয়াৰ অৰ্থ হৈছে, আমি এইসমূহৰ দৰে কাম কৰোঁ:
- আপোনাৰ প্ৰ'ফাইলৰ তথ্য আৰু আপোনাৰ সমগ্ৰ একাউণ্টত কৰা হোৱা কাৰ্যকলাপৰ আধাৰত আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুওৱা।
- আমি আপোনাৰ আৰু আনৰ বাবে সমল আৰু পৰামৰ্শ ব্যক্তিগতকৰণ কৰিম। ইয়াৰ অৰ্থ হৈছে, আমি এইসমূহৰ দৰে কাম কৰোঁ:
- Facebook বা Instagram-ত আপোনালৈ প্ৰাসঙ্গিক ৰীলৰ পৰামৰ্শ দিয়া।
- প্ৰতিষ্ঠানসমূহক লোকসকলে কিদৰে সেইসমূহৰ প'ষ্ট, ভিডিঅ’ আৰু অন্য সমলৰ সৈতে লিপ্ত হয় সেয়া বুজাত সহায় কৰা।
- আমি আমাৰ সামগ্ৰীসমূহ উন্নত কৰিম আৰু সেইসমূহত বিয়পি থকা ঐচ্ছিক কাৰ্য্যকলাপসমূহ প্ৰদান কৰিম। ইয়াৰ অৰ্থ হৈছে, আপুনি এইসমূহৰ দৰে কাম কৰিব পাৰে:
- আপুনি আমাৰ সামগ্ৰীসমূহৰ বিষয়ে কি ভাল পায় সেই সম্পৰ্কীয় সমীক্ষা আৰু অন্য গৱেষণাত অংশগ্ৰহণ কৰা।
- ভিন্ন সামগ্ৰীত আপোনাৰ একাউণ্টত ব্যৱহাৰ কৰিবলৈ AR প্ৰভাৱ সৃষ্টি কৰা।
- Facebook আৰু Instagram-ত পুঁজি সংগ্ৰহ কৰোঁতা সৃষ্টি কৰা।
- আমি কিছুমান একাউণ্টৰ তথ্য আৰু ছেটিংছ আপোনাৰ একাউণ্টসমূহত খাপ খুৱাবলৈ মিলাম, যিখিনি আপুনি যিকোনো সময়তে পৰিচালনা কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে, আমি এইসমূহৰ দৰে কাম কৰোঁ:
- আপুনি যদি এনে এটা নতুন একাউণ্ট যোগ দিয়ে য’ত আপোনাৰ জন্মদিনটো একেটা একাউণ্ট কেন্দ্ৰতে থকা আপোনাৰ অন্য এটা একাউণ্টতকৈ বেলেগ, তেন্তে আমি আপোনাক আপোনাৰ নতুন একাউণ্ট যোগ দিয়াৰ আগতে আপোনাৰ সঠিক জন্মদিনটো বাছনি কৰিবলৈ ক'ব পাৰোঁ।
- আমি সংযোজিত অভিজ্ঞতাৰ ওপৰত আপোনাক নিয়ন্ত্ৰণ প্ৰদান কৰিম, যেনে- সমগ্ৰ প্ৰ’ফাইলত ভাগ-বতৰা কৰা। ইয়াৰ অৰ্থ হৈছে, আপুনি এইসমূহৰ দৰে কাম কৰিব পাৰে:
- আপোনাৰ Facebook আৰু Instagram একাউণ্টসমূহত আপোনাৰ নিজৰ প’ষ্ট ভাগ-বতৰা কৰা।
- Horizon-ত আপুনি জনা লোকসকলক অনুসৰণ কৰা।
আপুনি একাউণ্ট যোগ কৰিবলৈ বা আঁতৰাব পাৰে। আমি ওপৰৰ ব্যৱহাৰসমূহৰ বাবে এই একাউণ্টসমূহত আপোনাৰ তথ্য আপুনি আঁতৰোৱাৰ 7 দিনৰ ভিতৰত একত্ৰিত কৰা বন্ধ কৰি দিম। আপোনাৰ পূৰ্বৰ সংযুক্ত তথ্য সংযুক্ত হৈ থাকিব।
একেটা একাউণ্ট কেন্দ্ৰত একাউণ্ট থাকিলে এইসমূহ কৰা হওকেই বা নহওকেই, তাত কোনো প্ৰভাৱ নপৰে:
- আমি আপোনাক আৰু আনক নিৰাপদে ৰাখিবলৈ একাউণ্টসমূহৰ জৰিয়তে তথ্য ব্যৱহাৰ কৰা।
- আমি মানুহক অধিক সঠিকভাৱে গণনা কৰিবলৈ আৰু তেওঁলোকে আমাৰ সামগ্ৰীসমূহ কেনেকৈ ব্যৱহাৰ কৰে সেয়া পৰিমাপ কৰিবলৈ একাউণ্টসমূহৰ জৰিয়তে তথ্য ব্যৱহাৰ কৰা।
- আমি আমাৰ সামগ্ৰীসমূহে সঠিকভাৱে কাম কৰি থকাটো নিশ্চিত কৰিবলৈ একাউণ্টসমূহৰ জৰিয়তে তথ্য ব্যৱহাৰ কৰা যাতে তাত কিবা সমস্যা থাকিলে আমি সেয়া ঠিক কৰিব পাৰোঁ।
- আমি একেটা সামগ্ৰীত একাউণ্টসমূহৰ জৰিয়তে আপোনাৰ তথ্য ব্যৱহাৰ কৰা।
ইয়াৰ বিষয়ে অধিক জানক:
Share