কোনো একাউণ্ট কেন্দ্ৰত থকা আপোনাৰ সমূহ একাউণ্টত সংযোজিত অভিজ্ঞতাসমূহ পৰিচালনা কৰক
সমূহ একাউণ্টত প’ষ্ট বা ষ্ট’ৰীজ স্বয়ংক্ৰিয়ভাৱে ভাগ-বতৰা কৰক
আপুনি স্বয়ংক্ৰিয় প’ষ্ট বা ষ্ট’ৰী ভাগ-বতৰাকৰণ ছেট আপ কৰাৰ আগতে কি জানিব লাগে
- আপোনাৰ Facebook-ৰ প’ষ্ট বা ষ্ট’ৰীজ Instagram-ত ভাগ-বতৰা কৰাৰ সময়ত আপুনি কেৱল আপোনাৰ ব্যক্তিগত প্ৰ’ফাইলৰ পৰাহে প’ষ্ট ভাগ-বতৰা কৰিব পাৰে। যদি আপোনাৰ এখন বা ততোধিক Facebook-ৰ ব্যৱসায়িক পৃষ্ঠা আছে, তেন্তে আপুনি আপোনাৰ পৃষ্ঠাসমূহত কৰা কোনো প’ষ্ট বা ষ্ট’ৰীজ ভাগ-বতৰা কৰিব নোৱাৰিব।
- আপোনাৰ Instagram-ৰ প’ষ্টসমূহ Facebook-ত ভাগ-বতৰা কৰাৰ সময়ত, যদি আপোনাৰ ব্যক্তিগত Facebook প্ৰ’ফাইল আৰু এখন বা ততোধিক Facebook-ৰ ব্যৱসায়িক পৃষ্ঠা থাকে, আপুনি একাউণ্ট কেন্দ্ৰত যোগ কৰা যিকোনো এটা Instagram একাউণ্টৰ পৰা কোনটো প্ৰ’ফাইল বা কোনখন পৃষ্ঠত ভাগ-বতৰা কৰিব সেয়া বাছনি কৰিব পাৰে৷ সেই Instagram একাউণ্টটোৰ পৰা আপোনাৰ ষ্ট’ৰী আৰু প’ষ্টসমূহ আপুনি সলনি নকৰালৈকে সেই Facebook প্ৰ’ফাইল বা পৃষ্ঠাত ভাগ-বতৰা কৰা হ'ব।
- যদি আপোনাৰ এটা ব্যক্তিগত Facebook প্ৰ’ফাইল আৰু এখন বা ততোধিক Facebook-ৰ ব্যৱসায়িক পৃষ্ঠা আছে, আপুনি একাউণ্ট কেন্দ্ৰত যোগ কৰা যিকোনো Instagram একাউণ্টৰ পৰা কোনটো প্ৰ’ফাইল বা কোনখন পৃষ্ঠাত ভাগ-বতৰা কৰিব সেয়া বাছনি কৰিব পাৰে৷ সেই Instagram একাউণ্টটোৰ পৰা আপোনাৰ ষ্ট’ৰী আৰু প’ষ্টসমূহ আপুনি সলনি নকৰালৈকে সেই Facebook প্ৰ’ফাইল বা পৃষ্ঠাত ভাগ-বতৰা কৰা হ'ব।
- Instagram-ৰ সহায় কেন্দ্ৰত থকা আপোনাৰ সমূহ একাউণ্টত প’ষ্ট কৰাটো পৰিচালনা কৰাৰ বিষয়ে অধিক জানক।
স্বয়ংক্ৰিয় প’ষ্ট বা ষ্ট’ৰী ভাগ-বতৰাকৰণ ছেট আপ কৰক
- একাউণ্ট কেন্দ্ৰত, সংযোজিত অভিজ্ঞতাসমূহত টিপক বা ক্লিক কৰক, তাৰ পাছত সমূহ প্ৰ’ফাইলত ভাগ-বতৰা কৰাত টিপক বা ক্লিক কৰক।
- আপুনি যিটো প্ৰ’ফাইলৰ পৰা ভাগ-বতৰা কৰিব বিচাৰে তাত ক্লিক কৰক, তাৰ পাছত আপুনি ভাগ-বতৰা কৰিব বিচৰা প্ৰ’ফাইলটোত টিপক বা ক্লিক কৰক।
- স্বয়ংক্ৰিয়ভাৱে ভাগ-বতৰা কৰকৰ তলত,
আপুনি বাছনি কৰা সমূহ প্ৰ'ফাইলত আপোনাৰ Facebook বা Instagram-ৰ প’ষ্ট বা ষ্ট’ৰীজ ভাগ-বতৰা কৰা বন্ধ বা আৰম্ভ কৰিবলৈ ক্লিক কৰক।
আপোনাৰ WhatsApp-ৰ স্থিতি আপোনাৰ Facebook বা Instagram-ৰ ষ্ট’ৰীজত ভাগ-বতৰা কৰক
আপুনি আপোনাৰ WhatsApp একাউণ্ট আপোনাৰ Facebook বা Instagram একাউণ্টৰ সৈতে একেটা একাউণ্ট কেন্দ্ৰত যোগ কৰিলে, আপুনি আপোনাৰ Facebook বা Instagram ষ্ট’ৰীজত আপোনাৰ WhatsApp-ৰ স্থিতি ভাগ-বতৰা কৰিব পাৰে।
স্বয়ংক্ৰিয় প’ষ্ট বা ষ্ট’ৰী ভাগ-বতৰা কৰাটো ছেট আপ কৰক:- একাউণ্ট কেন্দ্ৰত, সংযোজিত অভিজ্ঞতাসমূহত টিপক, তাৰ পাছত সমূহ প্ৰ’ফাইলত ভাগ-বতৰা কৰাত টিপক।
- আপুনি ভাগ-বতৰা কৰিব বিচৰা প্ৰ'ফাইলটোত টিপক, তাৰ পাছত আপুনি ভাগ-বতৰা কৰিব বিচৰা প্ৰ'ফাইলটোত টিপক।
- ভাগ-বতৰা আৰম্ভ বা বন্ধ কৰিবলৈ স্বয়ংক্ৰিয়ভাৱে ভাগ-বতৰা কৰক অন বা অফ কৰক।
একাউণ্টৰ জৰিয়তে লগইন পৰিচালনা কৰক
আপুনি যদি এই সংযোজিত অভিজ্ঞতা বন্ধ কৰিবলৈ বাছনি কৰে, তেন্তে আপোনাক আপোনাৰ একাউণ্টৰ বাবে এটা পাছৱৰ্ড দিবলৈ প্ৰম্পট কৰা হ’ব পাৰে। আপুনি এটা পাছৱৰ্ড সৃষ্টি নকৰালৈকে আপোনাৰ একাউণ্টত লগইন কৰিব নোৱাৰিবও পাৰে।
একাউণ্টৰ জৰিয়তে লগইন পৰিচালনা কৰক
- একাউণ্ট কেন্দ্ৰত, একাউণ্টসমূহৰ জৰিয়তে লগ ইন কৰাত টিপক বা ক্লিক কৰক, তাৰ পাছত হয় আটাইবোৰ একাউণ্টক ইটোক-সিটোৰ তাত লগ ইন কৰিবলৈ দিয়কত নহয় কোনটো একাউণ্টে অন্য একাউণ্টত লগ ইন কৰিব পাৰে সেয়া বাছনি কৰক ত টিপক বা ক্লিক কৰক।
- সেইসমূহ Facebook, Instagram আৰু/বা Meta একাউণ্টত টিপক বা ক্লিক কৰক য’ত আপুনি একাউণ্ট ছেটিংসমূহৰ সৈতে লগ ইন পৰিচালনা কৰিব বিচাৰে৷
যদি আপুনি এটা Facebook একাউণ্টৰ সৈতে এটা Instagram বা Meta একাউণ্ট সৃষ্টি কৰিছে আৰু আপুনি সেই একাউণ্টটো আপোনাৰ Facebook একাউণ্টৰ সেই একেটা একাউণ্ট কেন্দ্ৰৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লয়, তেন্তে আপোনাক Instagram বা আপোনাৰ Meta একাউণ্টৰ বাবে এটা পাছৱৰ্ড সৃষ্টি কৰিবলৈ প্ৰ’ম্পট কৰা হ’ব৷
সমগ্ৰ প্ৰ’ফাইলত আপোনাৰ নাম, ব্যৱহাৰকাৰীৰ নাম, প্ৰ’ফাইল ফটো বা অৱতাৰ চিংক কৰক
আপুনি আপোনাৰ প্ৰ’ফাইলৰ তথ্য Facebook, Instagram আৰু/বা Meta Horizon-ৰ প্ৰ’ফাইলসমূহত চিংক কৰাৰ আগতে কি জানিব লাগে:
- আপোনাৰ প্ৰ’ফাইল ফটো, ব্যৱহাৰকাৰীৰ নাম বা অৱতাৰ চিংক কৰিবলৈ, আপুনি আপোনাৰ নামো চিংক কৰিব লাগিব। অৰ্থাৎ:
- যেতিয়া আপুনি আপোনাৰ নাম চিংক কৰে, আপুনি চিংক কৰিবলৈ বাছনি কৰা সকলো প্ৰ’ফাইলত আপোনাৰ নাম একেই হ’ব৷
- এই নাম আৰু ব্যৱহাৰকাৰীৰ নাম ব্যৱহাৰ কৰি মানুহে আপোনাক Facebook, Instagram আৰু Meta Horizon-ত চাব আৰু বিচাৰিব পাৰিব।
- মানুহে এই নাম, ব্যৱহাৰকাৰীৰ নাম, অৱতাৰ আৰু প্ৰ’ফাইল ফটোৰ সৈতে জড়িত পৰামৰ্শসমূহ (যেনে- আপোনাক বন্ধু হিচাপে যোগ কৰিবলৈ বা আপোনাক অনুসৰণ কৰিবলৈ) Facebook, Instagram আৰু Meta Horizon-ত চাব পাৰে।
- যদি আপুনি আপোনাৰ Facebook, Instagram বা Meta Horizon প্ৰ’ফাইলসমূহত প্ৰ’ফাইলৰ তথ্য চিংক কৰে, আপুনি আপোনাৰ প্ৰ’ফাইলৰ তথ্যত কৰা সালসলনিসমূহ (যেনে- আপোনাৰ নাম, ব্যৱহাৰকাৰীৰ নাম, প্ৰ’ফাইল ফটো আৰু অৱতাৰ) আপোনাৰ সকলো প্ৰ’ফাইলত চিংক কৰা তথ্যৰ সৈতে ওলাব।
- যদি আপুনি কোনো একাউণ্ট কেন্দ্ৰৰ পৰা এটা একাউণ্ট আঁতৰায়, সেই একাউণ্টটোত থকা প্ৰ’ফাইলসমূহৰ বাবে আপোনাৰ প্ৰ’ফাইল তথ্য আৰু চিংক নহ'ব।
- টোকা: আপুনি Facebook, Instagram বা Meta Horizon প্ৰ’ফাইলৰ পৰা একেটা সামগ্ৰীৰ প্ৰ’ফাইলত প্ৰ’ফাইলৰ তথ্য চিংক কৰিব নোৱাৰে (উদাহৰণস্বৰূপে, আপুনি দুটা Instagram প্ৰ’ফাইল, বা দুটা Facebook প্ৰ’ফাইল চিংক কৰিব নোৱাৰে)।
- আপুনি আপোনাৰ প্ৰ’ফাইল ফটো চিংক কৰিলে, আপুনি আপোনাৰ একাউণ্টসমূহত আপোনাৰ Facebook বা Instagram-ৰ প্ৰ’ফাইল ফটো ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’ব পাৰে। ডিফ’ল্ট ছবিখন হ'ব আপুনি শেহতীয়াকৈ আপডে’ট কৰা ছবিখন। আপোনাৰ প্ৰ’ফাইল ফটোসমূহ চিংক কৰিবলৈ আপুনি আপোনাৰ নামটোও ছিংক কৰিব লাগিব।
- কোনো ব্যৱহাৰকাৰীৰ নাম চিংক কৰিবলৈ, সেই ব্যৱহাৰকাৰীৰ নামটো আপুনি চিংক কৰিব বিচৰা প্ৰ’ফাইলসমূহৰ বাবে Facebook, Instagram বা Meta Horizon-ত উপলব্ধ হ’ব লাগিব।
- যদি আপোনাৰ প্ৰ’ফাইল বহুত মানুহে বিচাৰি পায়, আপোনাৰ ব্যৱহাৰকাৰীৰ নামত হোৱা সালসলনি পৰ্যালোচনা কৰিব লাগিব। যদি তেনে হয়, আমি কোনো পৰ্যালোচনা সম্পূৰ্ণ কৰিলে আপোনাক জনোৱা হ'ব। যদি তেনে নহয়, উপলব্ধ হ'লে আপোনাৰ ব্যৱহাৰকাৰীৰ নাম তৎক্ষণাৎ সলনি হ'ব। আপোনাৰ অনুসৰণকাৰীসকলক ব্যৱহাৰকাৰীৰ নামত হোৱা সালসলনিৰ বিষয়ে জনোৱা হ'ব পাৰে।
- আপোনাৰ ব্যৱহাৰকাৰীৰ নাম সলনি কৰিলে আপোনাৰ Instagram একাউণ্ট আৰু Facebook প্ৰ’ফাইল-ৰ URLসমূহো সলনি হ'ব।
আপোনাৰ প্ৰ'ফাইলৰ তথ্য চিংক কৰক
- একাউণ্ট কেন্দ্ৰত, প্ৰফাইলসমূহত টিপক বা ক্লিক কৰক।
- আপোনাৰ Facebook, Instagram বা Meta Horizon প্ৰ’ফাইলত টিপক বা ক্লিক কৰক।
- নাম, ব্যৱহাৰকাৰীৰ নাম,
প্ৰ’ফাইল ফটো আৰু অৱতাৰ চিংক কৰাটো অফ বা অন কৰিবলৈ প্ৰ’ফাইলৰ তথ্য চিংক কৰকৰ কাষত টিপক বা ক্লিক কৰক।
- যদি আপুনি চিংক কৰাটো অন কৰাৰ সিদ্ধান্ত লয়, আপুনি তাৰ পাছত আপোনাৰ নাম বা আপোনাৰ নাম আৰু প্ৰ’ফাইল ফটো চিংক কৰাৰ সিদ্ধান্ত ল’ব পাৰে।
- অন্য কোনো প্ৰ’ফাইল ফটো ব্যৱহাৰ কৰিবলৈ, প্ৰ’ফাইল ফটো সলনি কৰকত টিপক বা ক্লিক কৰক তাৰ পাছত আপুনি আপোনাৰ প্ৰ’ফাইল ফটোৰ বাবে ব্যৱহাৰ কৰিব বিচৰা একাউণ্টটোৰ পিছতে থকা বৃত্তটোত টিপক।
সমূহ একাউণ্টত আপোনাৰ বজাৰ কৰাৰ কাৰ্যকলাপ চিংক কৰক
আপোনাৰ বজাৰ কৰাৰ কাৰ্যকলাপ চিংক বা আনচিংক কৰক
- একাউণ্ট কেন্দ্ৰত, সংযোজিত অভিজ্ঞতাসমূহত টিপক বা ক্লিক কৰক।
- বজাৰ কৰাৰ কাৰ্যকলাপত টিপক বা ক্লিক কৰক।
- নাম, ব্যৱহাৰকাৰীৰ নাম,
Facebook আৰু Instagram-ত আপোনাৰ বজাৰ কৰাৰ কাৰ্যকলাপ চিংক কৰাটো সক্ষম বা অক্ষম কৰিবলৈ বজাৰ সম্পৰ্কীয় কাৰ্যকলাপ চিংক কৰকৰ পিছত টিপক বা ক্লিক কৰক।
- যদি আপোনাৰ ২টাতকৈ অধিক একাউণ্ট আছে, আপুনি চিংক কৰাৰ পৰা বাদ দিব বিচৰা একাউণ্টসমূহত টিপক।
Meta Horizon-ত মানুহক স্বয়ংক্ৰিয়ভাৱে অনুসৰণ কৰক
- একাউণ্ট কেন্দ্ৰত, Horizon-ত মানুহ অনুসৰণ কৰাত টিপক বা ক্লিক কৰক।
- Meta Horizon-ত আপোনাৰ Facebook-ৰ বন্ধুসকললৈ স্বয়ংক্ৰিয়ভাৱে অনুসৰণৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ,
আপোনাৰ Facebook প্ৰ’ফাইলৰ পিছত টিপক বা ক্লিক কৰক।
- আপুনি Meta Horizon-ত Instagram-ত অনুসৰণ কৰা লোকসকললৈ স্বয়ংক্ৰিয়ভাৱে অনুসৰণৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ,
আপোনাৰ Instagram একাউণ্টৰ পিছত টিপক বা ক্লিক কৰক।
টোকা: আপুনি স্বয়ংক্ৰিয়ভাৱে কেৱল আপোনাৰ সেইসকল Facebook-ৰ বন্ধু বা আপুনি Instagram-ত অনুসৰণ কৰা সেইসকল লোকলৈহে অনুসৰণৰ অনুৰোধ প্ৰেৰণ কৰিব পাৰে যিসকলে তেওঁলোকৰ Facebook আৰু/বা Instagram প্ৰ’ফাইল তেওঁলোকৰ Meta Horizon প্ৰ'ফাইলত দেখুৱাবলৈ বাছনি কৰিছে।
Meta Horizon-ত অন্য প্ৰ’ফাইলসমূহ দেখুৱাওক
- একাউণ্ট কেন্দ্ৰত, আপোনাৰ অন্য প্ৰ’ফাইলসমূহ Horizon-ত দেখুৱাওকত টিপক বা ক্লিক কৰক।
- আপুনি আপডে’ট কৰিব বিচৰা এটা একাউণ্টত টিপক বা ক্লিক কৰক যাতে আপুনি Meta-ৰ সামগ্ৰীসমূহত থকা অন্য প্ৰ'ফাইল নাম বা ব্যৱহাৰকাৰীৰ নাম দেখুৱাব পাৰে (উদাহৰণস্বৰূপে, আপোনাৰ Meta Horizon প্ৰ'ফাইলত টিপক আৰু আপোনাৰ Meta Horizon প্ৰ'ফাইলত আপোনাৰ Facebook-ৰ নাম দেখুৱাবলৈ আপোনাৰ Facebook প্ৰ’ফাইল বাছনি কৰক)। তাৰ পাছত আপুনি এই তথ্য দেখুৱাব বিচৰা দৰ্শক বাছনি কৰিব পাৰে৷